“মানুহক এক অতি মুল্যবান সম্পদেৰে ভৰা খনি বুলি ভাবিবাহঁক৷ কেৱল মাত্ৰ শিক্ষাইহে ইয়াৰ উন্মোচন কৰিব পাৰে আৰু মানৱজাতি ইয়াৰ দ্বাৰা লাভপ্ৰাপ্ত হ’ব পাৰে৷ ”

বাহাউল্লা

মানুহৰ অন্তৰ্নিহিত মহানতাত দৃঢ় বিশ্বাস বাবে, বাহাই সকলে এয়া বিশ্বাস কৰে যে সমাজৰ বিকাশৰ বাবে ব্যবস্থাগত আৰু নিৰন্তৰ পোষনৰ দ্বাৰা ব্যক্তিত অন্তৰ্নিহিত ক্ষমতাক উলিয়াই আনিব পাৰি৷ শিক্ষা হৈছে সেই প্ৰক্ৰিয়া যি প্ৰত্যেক ব্যক্তিত থকা বিশাল ক্ষমতাক সমাজৰ বিকাশৰ বাবে লাভ কৰাত সহায় কৰে৷ প্ৰকৃত সমৃদ্ধ লাভ কৰিবলৈ হ’লে শিক্ষাই মানৱ অস্তিত্বৰ উভয় দিশক—ভৌতিক আৰু আধ্যাত্মিক- উন্মোচন কৰিব লাগিব৷

বাহাই সকল জড়িত সমুদায় নিৰ্মাণ কাৰ্যকলাপৰ কেন্দ্ৰত কিছুমান শৈক্ষিক কাৰ্যকলাপ আছে যি ব্যক্তিৰ বৌদ্ধিক আৰু আধ্যাত্মিক ক্ষমতাৰ বিকাশ কৰাৰ চেষ্টা কৰে যি সম্পুৰ্ণ জীৱন উমৈহতীয়া হিতৰ বাবে কাৰ্য কৰাত সহায় কৰে৷

শিশু
শিশুৰ আধ্যাত্মিক শিক্ষাৰ বাবে শ্ৰেণী বিভিন্ন ঠাইত বিভিন্ন ধৰনে এই উদেশ্যেৰে কৰা হয় যে সিঁহতৰ আধ্যাত্মিক গুণ, বিশ্বাস, অভ্যাস আৰু আচৰণ বোৰৰ বিকাশ সাধন কৰাই এজন ব্যক্তিক আধ্যাত্মিকভাৱে সমৃদ্ধ কৰিব৷

যুৱ কিশোৰ কিশোৰী সকল
দেশযোৰা কিশোৰ কিশোৰী সকলে দলত এনে কাৰ্যকৰ্মৰ সৈতে জড়িত হয় যি সিঁহতৰ আধ্যাত্মিক আৰু নৈতিক সিদ্ধান্তক বিকাশ কৰে যাৰ আধাৰত সিঁহতে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ সিঁহতে সিঁহতৰ অভিব্যক্তিৰ ক্ষমতা বিকাশ কৰে আৰু সিঁহতত থকা অফুৰন্ত শক্তিক সমাজৰ সেৱাৰ বাবে ব্যৱহাৰ কৰিবলৈ শিকে৷

যুৱক আৰু প্ৰাপ্তবয়স্ক
শৈক্ষিক প্ৰক্ৰিয়াৰ বিকেন্দ্ৰিকৰণৰ দ্বাৰা গাওঁ আৰু চহৰৰ চুবুৰিবোৰত যুৱক আৰু প্ৰাপ্তবয়স্কসকলে সিঁহতৰ সমুদায় সেৱাদানৰ বাবে আধ্যাত্মিক, নৈতিক আৰু কাৰিকৰি ক্ষমতাৰ বিকাশ কৰি আছে৷